অসমৰ সত্ৰীয়া নৃত্য পৰম্পৰাগত হস্ত
ফটো : জিতুমণি শইকীয়া, তিতাবৰ। |
সত্ৰীয়া নৃত্যৰ হস্ত :
শাস্ত্ৰ আধাৰিত হস্ত :
পৰম্পৰাগত হস্ত :
এই পৰম্পৰাগত হস্ত সমূহৰ শাস্ত্ৰ আধাৰিত হস্ত ৰ দৰে লিখিত বিৱৰণ পোৱা নাযায়। বৰঞ্চ,একো একোটা অঞ্চল বিশেষে থকা প্ৰাচীন কালৰ স্হাপত্য- ভাস্কয্য, মূৰ্তি কলা আৰু চিত্ৰ কলা তথা কেতিয়াবা কেতিয়াবা পৌৰাণিক শিল্প কলা আদিত এই হস্ত সমূহ পৰিলক্ষিত। কোনো এটি শাস্ত্ৰীয় নৃত্যৰ স্বকীয় বৈশিষ্ট্যৰ প্ৰদৰ্শনত পৰম্পৰাগত হস্ত সমূহে বিশেষ অৰিহণা যোগায়।
সত্ৰীয়া নৃত্যৰ পৰম্পৰাগত হস্ত সমূহৰ নাম আৰু বিনিয়োগ :
হস্ত সমূহৰ নাম বিনিয়োগ বিধি১. শশককৃষ্ণ,বাংশীবাদন আদি।২. সৰাহকথা কোৱা, চিত্ৰ অঁকা আদি।৩. অংকুশঅলকা,টানি অনা আদি।৪. কৃষ্ণসাড়মুখহৰিণ,ডিঙিৰ মালা আদি।৫. দোলদোলন,নৌকা আদি।৬. মৎস্যমগৰ, মৎস্য অৱতাৰ আদি।৭. গজদন্তহাতী,বৃহৎ নৌকা আদি।৮. মৈৰাঅগ্নি,শীতত কম্পন হোৱা আদি।৯. মুজুৰানমস্কাৰ, ঈশ্বৰ সূচক আদি।১০.জলকবিজুলী, জ্যোতি উজ্বলতা আদি।১১. হাঁয়ৰেকৃষ্ণ , কৃষ্ণ নৃত্যত ব্যৱহাৰ আদি।১২. প্ৰণামনমস্কাৰ,সম্ভাষন আদি।১৩. লীলাবিভিন্ন খেলা, ঈশ্বৰৰ লীলা আদি।
আৰু পঢ়িব পাৰে- সত্ৰীয়া নৃত্য উৎপত্তি আৰু ক্ৰমবিকাশ।
১৪. জয় জয়গুণ গৰিমা প্ৰকাশ,জয় আদি।১৫. ধৱ্জবিজয় প্ৰতীক আদি।১৬.ভকতভক্ত,নম্ৰতা আদি।১৭. অৰ্পণআগবঢ়োৱা,মান্য জনক দিয়া আদি।১৮. অৱতাৰ ঈশ্বৰৰ অৱতাৰ আদি।১৯. ৰজাশাসন,শাসক আদি।২০. হস্তীহাতী,পাপ আদি।২১. তপঋষি,তপস্বী আদি।২২. জলপানী,সাগৰ আদি।২৩. বংশীবাংশী বাদন, কৃষ্ণ আদি।২৪. চলনা গতি কৰা,যোৱা আদি।২৬. লজ্জা লাজ আদিত ব্যৱহাৰ।
সামৰণি Conclusion :
অসমৰ সত্ৰ সমূহত সংৰক্ষিত হৈ প্ৰচলিত হৈ অহা এই পৰম্পৰাগত বা থলুৱা হস্ত সমূহৰ গৱেষণা মূলক অধ্যয়নৰ দ্বাৰা সত্ৰীয়া নৃত্যত প্ৰয়োগ কৰাৰ লগতে বহুলভাৱে প্ৰচলন কৰিলে নিশ্চয় অসমৰ সত্ৰীয়া নৃত্য পৰম্পৰাগত হস্ত traditional hand gestures of Sattriya dance of Assam সমূহৰ প্ৰচলন আৰু সত্ৰীয়া নৃত্য sattriya dance সকলোৰে বাবে আৰু অধিক মনোগ্ৰাহী হৈ উঠিব !!!
ফটো : সত্ৰীয়া নৃত্যৰ হস্ত। |

ভাল লাগিল লেখাটো...সূত্ৰধাৰ নৃত্যৰ বিষয়ে লেখ এটা পালে বহু উপকৃত হম🙏🙏
ReplyDeleteএই লেখাটিতেই সুত্ৰধাৰ সম্পৰ্কে দিয়া আছে... https://satriyasanskriti.blogspot.com/2021/11/sutradhar-nritya.html
Delete